মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা দুগ্ধ উন্নয়ন সঞ্চালকালয়

আমি কি কৰো

  • প্ৰাথমিকভাৱে দুগ্ধ উন্নয়ন সঞ্চালকালয় জীৱ-জন্তু আহৰণ, প্ৰক্ৰিয়াকৰণ আৰু দুগ্ধ বিতৰণ ইত্যাদি কাৰ্য্যসমূহৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছে। ইয়াৰ প্ৰধান লক্ষ্য হৈছে গ্ৰাম্য দুগ্ধ উৎপাদকসকলৰ আৰ্থিক বিকাশ টনকিয়াল কৰা আৰু নগৰৰ উপভোক্তাসকলে ভাল মানদণ্ডপূৰ্ণ গাখীৰ উপযুক্ত মূল্যত লাভ কৰাত সহায় কৰা। শেহতীয়াকৈ বিভাগীয় দৃষ্টিভংগীৰ এক পৰিৱৰ্তন আহিছে আৰু সেয়া হৈছে সঞ্চালকালয়ে সুবিধা প্ৰদান আৰু পৰিচালনাৰ ভূমিকাৰ গুৰুত্ত বুজি উঠি এই কাৰ্য্যত মনোনিবেশ কৰিছে।

    কৌশলগত স্থানান্তৰণৰ ওপৰত ভিত্তি কৰি, সঞ্চালকালয়ে:

    • দুগ্ধ কৃষক আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতি সুবিধা প্ৰদানকাৰী অনুষ্ঠানৰূপে কাম কৰে।
    • বিধিসন্মত নিয়মৰ অধীনত খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ গাখীৰ আৰু অন্যান্য দুগ্ধজাত খাদ্যবস্তুৰ পৰীক্ষক হিচাপে কাম কৰে।

    ইয়াৰ অধীনত বিভাগে তলত দিয়া কাৰ্য্যসমূহত মনোনিবেশ কৰিব:

    • খণ্ডৰ অংশীদাৰসকলৰ সজাগতা আৰু সামৰ্থ্য বিকাশ।
    • কৃষক আৰু বিভাগীয় বিষয়াৰ বাবে বিশেষ পৰিদৰ্শন।
    • দুগ্ধ সমবায় সমাজ, দুগ্ধ সংঘৰ গঠন
    • অংশীদাৰসকলৰ প্ৰয়োজন অনুসৰি আন্তঃগাঁথনি প্ৰস্তুত।
    • ‘এফ এছ এছ এ আই’ ৰ অধীনত দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীসমূহৰ মানদণ্ড পৰীক্ষা।
    • ৰাজ্যৰ দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ প্ৰস্তুতকৰণৰ সুবিধাসমূহৰ পৰ্য্যবেক্ষণ।