মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা দুগ্ধ উন্নয়ন সঞ্চালকালয়

কৃষক / উদ্যোক্তা কৰ্ণাৰ

Start a Dairy Farm

কিয়?

  • ই এক লাভজনক ব্যৱসায়।
  • কৃষিকাৰ্য্যৰ সৈতে ইয়াক সামৰি ল’লে ই আয় বা উপাৰ্জন বৃদ্ধি হোৱাত অৰিহণা যোগায়।
  • ই জৈৱিক খেতিৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে।

কেনেকৈ?

  1. মাটিৰ গুণাগুণ আৰু উপযুক্ততা, পুঁজি, মানৱ সম্পদ, পশুচিকিৎসা সেৱাৰ উপলব্ধতা, বজাৰ ইত্যাদি দিশসমূহ বিশ্লেষণ কৰিব লাগিব।
  2. দুগ্ধ উন্নয়ন নতুবা অন্য নিৰ্ভৰযোগ্য সংস্থাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব।
  3. পুঁজিৰ বাবে আবেদন কৰিবলৈ এটি বিস্তৃত প্ৰজেক্ট ৰিপোৰ্ট প্ৰস্তুতকৰণ।
  4. বেংকৰ সৈতে সম্পৰ্ক স্থাপন।
  5. জন্তুৰ বাবে মাটি আৰু থকা ঠাইৰ প্ৰস্তুতকৰণ আৰু সমসাময়িকভাৱে সিহঁতক চোৱাচিতাৰ ব্যৱস্থা।
  6. জন্তু ক্ৰয় কৰা আৰু ফাৰ্মৰ প্ৰয়োজনীয় উপকৰণসমূহ আহৰণ কৰা।
  7. দুগ্ধ উৎপাদন আৰু ইয়াৰ বজাৰ আৰম্ভ কৰা।

বিত্তীয় সাহাৰ্য্য লাভৰ উৎসসমূহ:

  1. বাণিজ্যিক বেংক।
  2. দুগ্ধ উন্নয়ন, পশুপালন আৰু পশুচিকিৎসা, ডি আৰ ডি এ, চৰকাৰী আঁচনি ইত্যাদি চৰকাৰী বিভাগৰ পৰা লাভ কৰা পুঁজি।
  3. সমবায় সমাজ।

গো প্ৰজনন:

দেশীয়:

  1. ভাৰতত ২৭ বিধ স্বীকৃত দেশীয় গৰুৰ প্ৰজাতি আৰু ৭ বিধ ম’হৰ প্ৰজাতি আছে।
  2. ভাৰতীয় দেশীয় প্ৰজাতিসমূহৰ ভিতৰত সাহিৱাল (Sahiwal), ৰঙা সিন্ধি (Red Sindhi), গিৰ (Gir) আদি অন্যতম।
  3. গাখীৰৰ উৎপাদন প্ৰতিবাৰ গাখীৰ খীৰোৱা হিচাপত গড়ে ১৬০০ কিলোগ্ৰাম।
  4. গোটেই পৃথিৱীত গৰুৰ ৮০০ ৰ অধিক জাত চিনাক্ত কৰা হৈছে।

বৰ্ণ সংকৰ জাতৰ গৰু : 

বৰ্ণ সংকৰ জাতৰ গৰুসমূহ জাৰ্ছি ব্ৰাউন চুইছ বা হোলষ্টেইন ফ্ৰায়েছিয়ান ইত্যাদি বিভিন্ন প্ৰজাতিৰ সৈতে মিলাই সৃষ্টি কৰা হয়। জাৰ্ছি জাতৰ গৰুৰ গাখীৰত থকা চৰ্বিৰ বাবে আৰু হোলষ্টেইন উন্নত মানৰ গাখীৰৰ বাবে পৰিচিত।

উৎসসমূহ: 

দুগ্ধ প্ৰদানকাৰী গৰুৰ প্ৰজাতি

দেশী গৰু

  • ভাৰতীয় দেশী গো জাতৰ ভিতৰত সাহিৱাল (Sahiwal), ৰঙা সিন্ধি (Red Sindhi), গিৰ (Gir) আদি অন্যতম
  • গাখীৰৰ উৎপাদন প্ৰতিবাৰ খীৰোৱাত গড়ে ১৬০০ কিলোগ্ৰাম।

সাহিৱাল

  • সাহিৱাল গৰুৰ মূল উৎপত্তি স্থান পাকিস্তানৰ মোণ্টগমাৰী জিলা।
  • এই জাতৰ গৰু পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ আৰু মধ্যপ্ৰদেশত অধিক সংখ্যাত পোৱা যায়।
  • উৎপাদিত গাখীৰৰ পৰিমাণ ১৩৫০ ৰ পৰা ২১০০ কিলোগ্ৰাম।
  • ৩২ ৰ পৰা ৩৬ মাহ বয়সত ইহঁতে প্ৰথম পোৱালি জন্ম দিয়ে।

ৰঙা সিন্ধি

  • ৰঙা সিন্ধি গৰু পাকিস্তানৰ কোহিস্তান আৰু সিন্ধু প্ৰদেশৰ অন্তৰ্গত।
  • ৰঙা সিন্ধি গৰু ভাৰতত পোৱা বিশেষ প্ৰজাতিৰ গৰুসমূহৰ অন্যতম।
  • এই গৰু বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, কৰ্ণাটক, তামিলনাডু, কেৰেলা আৰু উৰিষ্যাত পোৱা যায়।
  • প্ৰতিবাৰ খীৰোৱাত দুগ্ধ উৎপাদনৰ পৰিমাণ গড়ে ১৭০০ কিলোগ্ৰামৰ পৰা ৩৪০০ কিলোগ্ৰাম।

গিৰ গৰু

  • ইয়াক বিশেষকৈ দক্ষিণ কঠিয়াৱাৰৰ অন্তৰ্গত গিৰ অৰণ্য অঞ্চলত পোৱা যায়।
  • ইয়াৰ ৯০০-১৬০০ কিলোগ্ৰাম গাখীৰ উৎপাদন হয়।

বহিৰাগত প্ৰজাতি

জাৰ্ছি

  • ফ্ৰান্সৰ জাৰ্ছি দ্বীপত বিকাশ হোৱা গৰুৰ এক প্ৰজাতি।
  • জাৰ্ছি গৰু পাতল ধূসৰ বৰণৰ পৰা ক’লা বৰণীয়া ৰূপত পোৱা যায়।
  • ২৬ ৰ পৰা ৩০ মাহৰ ভিতৰত প্ৰথম পোৱালি দিয়ে।
  • উৎপন্ন হোৱা গাখীৰৰ পৰিমাণ ৫,০০০ ৰ পৰা ৮,০০০ কিলোগ্ৰাম।
  • জাৰ্ছি গৰুৱে প্ৰতিদিনে ২০ লিটাৰকৈ গাখীৰ দিয়ে আনহাতে বৰ্ণ সংকৰ জাতৰ জাৰ্ছি গৰুৱে প্ৰতিদিনে দিয়া গাখীৰৰ পৰিমাণ ৮ ৰ পৰা ১০ লিটাৰ।
  • গৰম আৰু আৰ্দ্ৰতা থকা ভাৰতৰ জলবায়বীয় অঞ্চলত এই গৰুৰ বিকাশ ভাল হয়।

হোলষ্টেইন ফ্ৰায়েশ্বিয়ান

  • এই প্ৰজাতিৰ গৰুৰ মূল উৎপত্তিস্থল হোলেণ্ড।
  • হোলষ্টেইন প্ৰজাতিৰ গৰুসমূহ বৃহৎ আকাৰৰ আৰু ইহঁতৰ বৰণ ক’লা বা বগা নতুবা ৰঙা বগা হয়।
  • উৎপন্ন হোৱা গাখীৰ: গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিদেশী জাতৰ গৰুৰ পৰা ৭,২০০ ৰ পৰা ৯,০০০ কিলোগ্ৰামেই সৰ্বোচ্চ।
  • গড় হিচাপত ই প্ৰতিদিনে ২৫ লিটাৰকৈ গাখীৰ দিয়ে। আনহাতে বৰ্ণ সংকৰ জাতৰ হোলষ্টেইন ফ্ৰায়েশ্বিয়ানে দিনে ১০ ৰ পৰা ১৫ লিটাৰকৈ গাখীৰ দিয়ে।
  • উপকূলীয় অঞ্চল বা ব-দ্বীপীয় অঞ্চল হোলষ্টেইন ফ্ৰায়েশ্বিয়ান গৰুৰ বাবে উপযোগী।

বৰ্ণ সংকৰ জাতৰ গৰু

জাৰ্ছি, ব্ৰাউন চুইছ বা হোলষ্টেইন ফ্ৰায়েশ্বিয়ান ইত্যাদি বিদেশী প্ৰজাতিৰ সৈতে মিলাই বৰ্ণ সংকৰ জাতৰ গৰু সৃষ্টি কৰা হয়। জাৰ্ছি জাতৰ গৰু চৰ্বিযুক্ত গাখীৰৰ বাবে আৰু হোলষ্টেইন উন্নত মানদণ্ডৰ গাখীৰৰ বাবে বিখ্যাত।

গো ফাৰ্ম পৰিচালনা

গৰুৰ উপযুক্ত থকা ঠাই আৰু সুপৰিকল্পনা অবিহনে সুদক্ষ গো পৰিচালনা সদায়েই আধৰুৱা হৈ ৰয়। গৰুৰ থকা ঠাইৰ ব্যৱস্থা সঠিক পৰিকল্পনা অনুসৰি কৰা নহ’লে অতিৰিক্ত বনুৱা খৰচ বহন কৰিবলগীয়া হয়। সুবিধাজনক আৰু বহনযোগ্য আৰ্থিক অৱস্থা এটাৰ মাজেৰে বিশুদ্ধ গাখীৰ লাভ কৰিবলৈ হ’লে জন্তু ৰখা ঠাই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো জৰুৰী।

গৰুৰ ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য ব্যৱস্থাপনা:

গৰু বিভিন্ন ধৰণৰ সোঁচৰা ৰোগত আক্ৰান্ত হোৱাৰ প্ৰবল সম্ভাৱনা থাকে। জলবায়ু পৰিৱৰ্তন আৰু বাহিৰা বীজাণুৰ আক্ৰমণৰ ফলস্বৰূপে জন্তুৰ ৰোগৰ প্ৰাৱল্য বৃদ্ধি পায়। গৰু সাধাৰণতে আক্ৰান্ত হোৱা সোঁচৰা ৰোগসমূহ আৰু ইয়াৰ প্ৰতিকাৰসমূহ তলত দিয়া ধৰণৰ-

  • ঠেং আৰু মুখৰ ৰোগ : খোৰা থকা ঘৰচীয়া আৰু বনৰীয়া জন্তু আক্ৰান্ত হোৱা ই এবিধ ভাইৰাচজনীত সোঁচৰা ৰোগ। শীতকালৰ প্ৰাবল্য বৃদ্ধি পোৱাৰ লগে লগে আৰ্দ্ৰ জলবায়ুৰ পৰিৱেশত এই ৰোগৰ প্ৰাবল্য অধিক হয় আৰু জটিল ৰূপ ধাৰণ কৰে। এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ উপায় হৈছে টীকাকৰণ।
টীকাবয়সঔষধৰ মাত্ৰাগুণবৰ্দ্ধকঅন্তৰালসময়
FMD৬-৮ সপ্তাহ১০ মিঃলিঃ s/c৬,৯,১২ মাহবছৰেকীয়াপৰাপক্ষত নৱেম্বৰ, ডিচেম্বৰ

ব্ল্যাক কোৱাৰ্টাৰ : গৰুৰ এবিধ মাৰাত্মক বেক্টেৰিয়াজনিত ৰোগ হৈছে ‘ব্ল্যাক কোৱাৰ্টাৰ’। প্ৰবল বৃষ্টিপাতৰ পিছত বীজাণুয়ে আৰ্দ্ৰ ভূমি দূষিত কৰিবলৈ লোৱাৰ লগে লগে এই ৰোগৰ বীজাণু দ্ৰুতগতিত বিয়পিবলৈ আৰম্ভ কৰে। যি ভূমিখণ্ডত ‘ক্ল’ষ্ট্ৰিডিয়াম’ সংক্ৰমণৰ ফলত পূৰ্বতে জীৱ-জন্তু মৃত্যুমুখত পৰিছিল সেই ভূ-খণ্ড বা পৰিৱেশ দূষিত হোৱাৰ ফলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হয়। ৰোগ ধৰা পৰাৰ প্ৰাথমিক পৰ্যায়ত চিকিৎসা আৰম্ভ কৰিলে এণ্টিবায়’টিকৰ প্ৰয়োগেৰে এই ৰোগ নিৰাময় কৰিব পাৰি। অৱশ্যে নিয়মিত টীকাকৰণেৰে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

টীকাবয়সঔষধৰ পৰিমাণশক্তি প্ৰদানকাৰক সময়সীমাবিৰতিঋতু
পলিভেলেণ্ট বি. কিউ টীকাসকলো বয়সৰ বাবে উপযোগী৫ মিঃলিঃ s/c৬ মাহবছৰেকীয়াবৰ্ষা ঋতুৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্ত/অতি সংক্ৰমিত অঞ্চলসমূহত সকলো ঋতুতেই এই টীকা প্ৰদান কৰিব পাৰে।

হেমৰহেজিক চেপ্টিছেমিয়া : (Pasteurella Multocida) পেষ্টিউৰেল্যা মাল্টোচিডা নামৰ বেক্টেৰিয়াৰ পৰা সৃষ্টি হোৱা এই ৰোগে জন্তুৰ তেজৰ কোষত আক্ৰমণ কৰি তেজ বিষাক্ত কৰি তোলে। হেমৰহেজিক চেপ্টিছেমিয়াৰ প্ৰাদুৰ্ভাৱ বছৰৰ যিকোনো সময়তে হ’ব পাৰে অৰ্থাৎ অকল বৰ্ষাকালত আৰ্দ্ৰতাপূৰ্ণ পৰিৱেশতহে মূৰ তুলি উঠিব তেনে নহয়, শীতকালতো এই ৰোগ হয়। নিয়মিত টীকাকৰণৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

টীকাবয়সঔষধৰ পৰিমাণশক্তি প্ৰদানকাৰক সময়সীমাবিৰতিঋতু
H.S. adjuvant vaccineসকলো বয়সৰ বাবে উপযোগী৩ মিঃলিঃ i/m৬ মাহবছৰেকীয়ামে’, জুন মাহ

ব্ৰুচিল’চিছ: গৰুৰ হোৱা মাৰাত্মক ৰোগসমূহৰ ভিতৰত ব্ৰুচিল’চিছ ৰোগ অন্যতম যিয়ে গৰুৰ গাখীৰৰ উৎপাদন বন্ধ কৰি কৃষক আৰু গো-পালকসকলক আৰ্থিক দিশত লোকচানৰ সন্মুখীন কৰোৱাৰ উপৰিও জন্তুৰ গৰ্ভপাত হোৱাৰ উপৰিও এই ৰোগে মাইকী গৰু অনুৰ্বৰ কৰি তোলে আৰু মতা গৰুৰ প্ৰজনন শক্তি লোপ কৰে। এই ৰোগ প্ৰাদুৰ্ভাৱ হোৱাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। এই ৰোগৰ উপস্থিতি ধৰা পেলাবলৈ তেজৰ নমুনা পৰীক্ষা কৰাটো প্ৰয়োজনীয়। ব্ৰুচিল’চিছ ৰোগত আক্ৰান্ত হোৱা জীৱ-জন্তুক বেলেগকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰি আৰু পোৱালি জন্তুক উপযুক্ত টীকা প্ৰদান কৰি এই ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিব পৰা যায়।

নিয়ন্ত্ৰণ আৰু প্ৰতিকাৰ

  • জন্তুৰ ব্ৰুচিল’চিছ ৰোগ প্ৰতিৰোধ কৰাৰ সৰ্বোত্তম উপায় হৈছে সাৱধানী পশু পৰিচালনা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা।
  • এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে টীকা প্ৰদান কৰাটো প্ৰয়োজনীয়।
  • গো ব্ৰুচিল’চিছ প্ৰতিৰোধৰ বাবে B abortus strains 19 আৰু RB 51 ঔষধ প্ৰদানৰ পৰামৰ্শ আগবঢ়োৱা হয়।
  • ছাগলী আৰু ভেড়াৰ বি. মেলিটেনচিছ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে B melitensis Rev 1 ঔষধ প্ৰদানৰ পৰামৰ্শ নিদানৰূপে আগবঢ়োৱা হয়।
  • ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আঁচনিসমূহে সফলতা লাভ কৰিবলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন।
  • সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা নিশ্চিত কৰিবলৈ শিক্ষা আৰু তথ্য প্ৰদানৰ কাৰ্য্যক্ৰমসমূহ অত্যাৱশ্যকীয়।
  • ফলপ্ৰসূ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাটো আৰু জন্তুৰ চলন ফুৰন নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়।

পৰিষ্কাৰ গাখীৰ উৎপাদন:

অপৰিষ্কাৰ ধূলি মাকতি বা বেক্টেৰিয়া বাহক পদাৰ্থ গাখীৰৰ সৈতে মিহলি হ’লে গাখীৰ অশুদ্ধ হয় আৰু খাবৰ অনুপযোগী হয়। তলত উল্লেখ কৰা উপায়সমূহ অৱলম্বন কৰি বিশুদ্ধ গাখীৰ লাভ কৰিব পৰা হয়:

  • বতাহৰ সুচল পৰিবাহী আৰু পৰিষ্কাৰ মজিয়াৰ সুব্যৱস্থাৰে গাখীৰ খীৰোৱা ঘৰ নিৰ্মাণ।
  • গাখীৰ খীৰোৱাৰ পিছত গৰুক শুকান খাদ্য খাবলৈ দিব লাগে।
  • গাখীৰ খীৰোৱা ব্যক্তিজনৰ হাত অপৰিষ্কাৰ হ’লে আৰু তেওঁ পৰিধান কৰি থকা পোছাক পৰিষ্কাৰ-পৰিচ্ছন্ন নহ’লে সেই গাখীৰৰ মাধ্যমেৰে বেক্টেৰিয়াজনিত ৰোগ গাখীৰৰ উপভোক্তালৈ সম্প্ৰসাৰিত হ’ব পাৰে।
  • যক্ষ্মা, টাইফয়ড জ্বৰ, ডিফথেৰীয়া আদি ৰোগত আক্ৰান্ত ব্যক্তিক গাখীৰ খীৰোৱাৰ বাবে নিয়োগ কৰা নহয়।
  • গাখীৰ ধৰিবলৈ সীহ নথকা মসৃণ, শুকান আৰু পৰিষ্কাৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে। ভাল ডিটাৰজেণ্টে আৰ্দ্ৰতা ক্ষমতা বৃদ্ধি কৰি মজিয়া মসৃণ কৰাত সহায় কৰে, তাত লাগি থকা গাখীৰৰ দাগ আঁতৰায় আৰু অপৰিষ্কাৰ পদাৰ্থ ধুই নিকা কৰে। পানীৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে ডিটাৰজেণ্টৰো ফলপ্ৰসূতা বৃদ্ধি পায়। ইয়াৰ বাবে ইয়াৰ গাঢ়তা আৰু প্ৰয়োগৰ সময় সঠিক হ’ব লাগে। মজিয়াসমূহ পৰিষ্কাৰ কৰিবলৈ আৰু ইয়াত থকা বীজাণু নাশ কৰিবলৈ ডিটাৰজেণ্ট বা বীজাণুনাশক দ্ৰব্য প্ৰয়োগ কৰা হয়।
  • গাখীৰ খীৰোৱা চৌহদ: গাখীৰ খীৰোৱা ঠাই ঠাণ্ডা আৰু গৰম পানীৰ যোগান ধৰিব পৰা নলীৰ সংযোগেৰে সুবিধাজনক হ’ব লাগে। ইয়াত ধোৱা ব্ৰাছ, বস্তু ৰখা ৰেক আৰু কাপবোৰ্ড আৰু যদি প্ৰয়োজন হয় ইয়াত ভেকুৱাম পাইপ লাইন সংযোগ থাকিব লাগে। অতিৰিক্তভাৱে ইয়াত দুগ্ধ থাৰ্মোমিটাৰ (০ ডিগ্ৰি চে.– ১০০ ডিগ্ৰি চে.) আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ সময়ত নিৰাপদ ব্যৱহাৰৰ বাবে পৰিধান কৰিবলৈ ৰবৰৰ হাতমোজা আৰু গগল চচমা ৰখাৰ পৰামৰ্শ দিয়া হয়।

দৈনন্দিন কাৰ্য্যক্ৰম : কুলাৰসমূহ হাতেৰে ভালদৰে ধুই পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰিব লাগে। ৰেফ্ৰিজাৰেটেড বা শীতল অৱস্থাত ৰখা ডাঙৰ গাখীৰৰ পাত্ৰসমূহ ঠাণ্ডা নতুবা গৰম ডিটাৰজেণ্ট বা বীজাণুনাশক পদাৰ্থৰে হাতেৰে ধুই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিব পাৰি নতুবা অধিক বৃহৎ আকৃতিৰ গাখীৰৰ পাত্ৰ হ’লে স্বয়ংক্ৰিয় যন্ত্ৰৰে ইয়াক ধুই পৰিষ্কাৰ কৰা হয়। ঠাণ্ডা পানীৰ ক্ল’ৰিনেটেড ব্যৱস্থাই (৫০ পি.পি.এম) হিচাপত ধোৱা প্ৰক্ৰিয়াৰ কাৰ্য্য সমাধা কৰে। ‘ফোৰমিল্ক কাপ’ সমূহ বেক্টেৰিয়াই আক্ৰমণ কৰি দূষিত কৰাৰ অধিক সম্ভাৱনা থাকে সেয়েহে এইসমূহ প্ৰতিবাৰ গাখীৰ খীৰোৱাৰ পিচতেই ভালদৰে ধুই পখালি বীজাণুমুক্ত কৰিব লাগে। প্ৰতিবাৰ গাখীৰ খীৰাই উঠি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিলে লগে লগে অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ উলাই যোৱাৰ সুব্যৱস্থাই হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সৰ্বোত্তম উপায়। শুকান অৱস্থাত বেক্টেৰিয়াই বংশ বৃদ্ধি কৰিব নোৱাৰে কিন্তু অতিৰিক্ত পানী জমা হৈ থকা গাখীৰ খীৰোৱা যন্ত্ৰ য’ত উত্তাপ, পৰিৱেশ আদি সকলো দিশতেই বীজাণুৱে উপযুক্ততা লাভ কৰে তাত অতি সহজে ইহঁতে বংশ বৃদ্ধি কৰে। অপৰিষ্কাৰ বহু গাঁঠিযুক্ত পাত্ৰ য’ত ২০ ডিগ্ৰি চেলচিয়াছ ৰ ওপৰত উষ্ণতাযুক্ত পৰিৱেশত গাখীৰ খীৰোৱাৰ পিছত গাঁঠিসমূহ সিক্ত অৱস্থাত থাকে তেনে পাত্ৰত গাখীৰ খীৰাবলৈ আৰম্ভ কৰাৰ আগতে (৫০ পি.পি.এম ক্ল’ৰিণ) বীজাণুনাশক উপাদানেৰে ধুই পেলাব লাগে।

দুগ্ধ সমবায় সমাজৰ গঠনৰ প্ৰয়োজনীয়তা :

  • দুখীয়া-নিছলাজনৰ উন্নয়নৰ বাবে ই দায়বদ্ধ। 
  • ঋণৰ ধন মোকলাই দিয়া, কৃষিৰ সঁজুলি বিতৰণ (বীজ, সাৰ আৰু কৃষি ৰাসায়নিক) ইত্যাদি অৰ্থনৈতিক দিশৰ সৈতে জড়িত।
  • দাৰিদ্ৰতা নিৰ্মূল, খাদ্য সুৰক্ষা আৰু নিয়োগ আদি বিষয় সামৰি লয়।
  • ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডসমূহে য’ত সেৱা প্ৰদানত ব্যৰ্থ হয় তেনে অৱস্থাত ই সেৱা আগবঢ়ায়। 

ফাৰ্মৰ ৰেকৰ্ড/ দস্তাবেজকৰণ:

Downloads
TitleSizeDetail
অসমীয়া নিয়মাৱলী পুথি3.04 MBswf-image
অসমীয়া হস্তপুথি1.44 MBswf-image
দুগ্ধৰ মিশ্ৰণ তথা ৰাসায়নিক পৰীক্ষা1.28 MBswf-image