মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা দুগ্ধ উন্নয়ন সঞ্চালকালয়

কৰ্মচাৰী, ব্যৱসায়ী আৰু উপভোক্তা কৰ্ণাৰ

পৰম্পৰাগত দুগ্ধ উৎপাদনসমূহৰ প্ৰস্তুতকৰণ

দৈ

দৈ হৈছে গাখীৰৰ এবিধ উৎপাদন য’ত প্ৰকৃতিকভাৱে লেকটিক এচিডৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে খাব পৰা টেঙা সোৱাদৰ দৈ লাভ কৰিব পাৰি। এই গাখীৰৰ পৰা দৈ উৎপন্ন হোৱা প্ৰক্ৰিয়াৰ সময়ছোৱাত গাখীৰত থকা লেক্টোজ লেকটিক এচিডলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াত প্ৰ’টিন অনু ভাঙি নাইট্ৰ’জেন সৃষ্টি হয়। দৈ উৎপাদনৰ সময়ছোৱাত দুগ্ধ প্ৰ’টিনসমূহ জেলিলৈ ৰূপান্তৰিত হয়। দৈৰ অম্লতা গুণ হৈছে ১% লেকটিক এচিড। ইয়াক তৈয়াৰ কৰিবলৈ সঁজুলিসমূহ হৈছে- প্লেট হীট ইক্সচেঞ্জাৰ, হমোজেনাইজাৰ (বাধ্যতামূলক নহয়), পাত্ৰ ভৰোৱা আৰু চীল কৰা যন্ত্ৰ, পাম্প, পেকেজিং কৰিবলৈ প্লাষ্টিকৰ পাত্ৰ।

পনিৰ

পনিৰ প্ৰস্তুত কৰিবলৈ নেমুৰ ৰস, ভিনেগাৰ বা চাইট্ৰিক এচিড গৰম গাখীৰত মিলাই ফটা গাখীৰৰ গোটা অংশ (ছানাখিনি) পৃথক কৰা হয়। এই গোটা পদাৰ্থ বা গাখীৰৰ ছানাখিনি মছলিন কাপোৰেৰে চেকি অতিৰিক্ত পানীভাগ ইয়াৰ পৰা উলিয়াই পেলোৱা হয়। ইয়াৰ পিছত ইয়াক শীতল পানীত ২-৩ ঘণ্টালৈ ৰখা হয় যাৰ ফলত এই খাদ্যবিধে আকাৰ ধাৰণ কৰে। সঁজুলি আৰু উপাদানসমূহ হৈছে- প্লেট হীট এক্সচেঞ্জাৰ, গোট মৰা পনিৰ অংশ, শীতল পানীৰ টেংকী, পনিৰ প্ৰেছ, টেবুলৰ সৈতে পনিৰ ভৰোৱা যন্ত্ৰ, ভেকুৱাম পেকেজিং যন্ত্ৰ।

ক্ৰিম

গৰু বা ম’হৰ গাখীৰৰ চৰ্বিযুক্ত অংশক ক্ৰিম বোলে য’ত সাধাৰণতে ২৫% ৰ অধিক চৰ্বি থাকে।

শ্ৰেণীবিভাজন

  • টেবুল ক্ৰিম/পাতল ক্ৰিম (চৰ্বিৰ পৰিমাণ ২৫ শতাংশ)
  • হুইপিং ক্ৰিম/ডাঠ ক্ৰিম (চৰ্বিৰ পৰিমাণ ২০-৪০ শতাংশ)
  • প্লাষ্টিক ক্ৰিম (চৰ্বিৰ পৰিমাণ ৬৫-৮৫ শতাংশ)
Downloads
TitleSizeDetail
পৰম্পৰাগত দুগ্ধজাত সামগ্ৰীৰ প্ৰস্তুতকৰণ768.39 KBswf-image
পৰম্পৰাগত দুগ্ধজাত সামগ্ৰীসমূহ27.23 KBswf-image