২০০৫-০৬ বৰ্ষত পশুপালন, ডেইৰী আৰু মস্যপালন বিভাগে ‘ভেঞ্চাৰ কেপিট্যাল স্কীম ফৰ ডেইৰী এণ্ড পাল্ট্ৰি’ নামেৰে এটি অগ্ৰণী প্ৰকল্প (পাইলট প্ৰজেক্ট) ৰ শুভাৰম্ভ কৰে। ইয়াৰ মূল লক্ষ্য হৈছে সৰু দুগ্ধ ফাৰ্ম স্থাপন কৰাত আৰু দুগ্ধ খণ্ডৰ গঠনৰ পৰিৱৰ্তন সাধনৰ দিশত সহায় আগবঢ়োৱা।
ইয়াৰ মূল্যাংকনৰ সময়ছোৱাত আঁচনিৰ সংসাধনৰ গতি বৃদ্ধিৰ বাবে বিশিষ্ট পৰামৰ্শ আগবঢ়োৱা হয়। এই পৰামৰ্শসমূহ সাৰোগত কৰি পশুপালন, ডেইৰী আৰু মস্যপালন বিভাগে এই আঁচনিৰ নামটোকে আদি কৰি কিছুমান দিশত গুৰুত্তপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁচনিৰ সংশোধন কৰা নামটো হয় ‘ডেইৰী এণ্ট্ৰিপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট স্কীম’ যি ২০১০ ৰ পহিলা ছেপ্টেম্বৰ তাৰিখৰ পৰা কাৰ্য্যকৰী হয়।
আঁচনিখনৰ লক্ষ্যসমূহ:
- পৰিষ্কাৰ গাখীৰ উৎপাদনৰ বাবে আধুনিক দুগ্ধ ফাৰ্মসমূহৰ উন্নীতকৰণ।
- জন্তু পালনৰ দিশত অধিক উৎসাহী কৰি তুলি ভাল জাতৰ জন্তু পালন আৰু সংৰক্ষণ।
- অসাংগঠনিক খণ্ডসমূহৰ গাঁথনিক দিশত পৰিৱৰ্তন সাধন।
- দুগ্ধ উৎপাদন আৰু ইয়াৰ সৈতে জড়িত কাৰ্য্যসমূহ ব্যৱসায়ীক গতিৰে চলাই নিবলৈ পৰম্পৰাগত প্ৰযুক্তিৰ মানদণ্ড উন্নত কৰা।
- আত্ম নিয়োজনৰ সুবিধা বৃদ্ধি কৰা আৰু আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা।
কোনে এই আঁচনিৰ পৰা উপকৃত হ’ব পাৰে?
- কৃষক, উদ্যোগী ব্যক্তি, বেচৰকাৰী সংগঠন, কোম্পানী, সংগঠিত আৰু অসংগঠিত খণ্ড ইত্যাদি (সংগঠিত খণ্ডসমূহৰ ভিতৰত আত্ম সহায়ক গোট, দুগ্ধ সমবায় সমাজ, দুগ্ধ সংঘ আদি অন্যতম)।
- আঁচনিৰ অধীনৰ সমূহ উপাদানৰ বাবে এগৰাকী ব্যক্তিয়েই সাহায্য লাভ কৰিব পাৰে কিন্তু সংশ্লিষ্ট ব্যক্তিগৰাকীয়ে প্ৰতিটো উপাদানৰ বাবে এবাৰহে সাহায্য লাভ কৰিব।
- এটি পৰিয়ালৰ এগৰাকীতকৈ অধিক সদস্যই এই আঁচনিৰ লাভ আদায় কৰিব পাৰে বা ইয়াৰ পৰা উপকৃত হ’ব পাৰে কিন্তু ইয়াৰ বাবে তেওঁলোকে পৃথক আন্তঃগাঁথনিৰে পৃথক অৱস্থানত পৃথকে ভাগ বা ইউনিট স্থাপন কৰিব লাগিব। এনে দুখনি পৃথক ফাৰ্মৰ দূৰত্ব কমেও ৫০০ মিটাৰ হ’ব লাগিব।
Downloads
Title | Size | Detail |
---|
DEDS- প্ৰশাসনীয় অনুমোদন | 1.32 MB |  |