ডেইৰী বা দুগ্ধ বিষয়ত প্ৰযুক্তিৰ স্নাতক বা ডেইৰী প্ৰযুক্তিৰ স্নাতক বুলিলে চাৰিবছৰীয়া অভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰমৰ কথাকে বুজোৱা হয় যি পাঠ্যক্ৰমে এই বিষয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক ডেইৰী বা দুগ্ধৰ সৈতে জড়িত পদাৰ্থসমূহৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ আৰু মানদণ্ড নিয়ন্ত্ৰণৰ দিশত বিস্তৃত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰে। পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত ছাত্ৰ-ছাত্ৰীসকলে বিষয় হিচাপে লৈ সৰ্বনিম্ন ১০+২ উত্তীৰ্ণ বা সমপৰ্যায়ৰ শিক্ষাগত অৰ্হতাৰ অধিকাৰী হ’ব লাগিব। এই পাঠ্যক্ৰমে ডেইৰী প্ৰযুক্তিৰ সৈতে জড়িত মৌলিক বিষয়সমূহ যেনে দুগ্ধ ৰসায়ন, ডেইৰী মাইক্ৰ’বায়’লজীৰ পৰিচিতি, চীজ প্ৰযুক্তি আৰু ডেইৰী অভিযান্ত্ৰিক বিদ্যা ইত্যাদি সামৰি লয়।
পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, জীৱবিজ্ঞান আৰু ইংৰাজী বিষয়সহ প্ৰাৰ্থি ১০+২ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। সৰ্বনিম্ন ৫০% নম্বৰসহ উত্তীৰ্ণ হ’লেই ‘নেশ্যন্যাল ডেইৰী ৰিচাৰ্চ ইনষ্টিটিউট’ লেখীয়া শিক্ষাপ্ৰতিষ্ঠানে এনে পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ আগবঢ়ায়।
১০+২ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত নতুন দিল্লীস্থিত আই চি এ আৰ (ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰেল ৰিচাৰ্চ) য়ে দেশৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত কৰা সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত আবেদনকাৰীয়ে এটি প্ৰত্যাশিত নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব লাগিব। তেতিয়াহে ইয়াত নামভৰ্তিৰ বাবে আবেদনকাৰীয়ে যোগ্যতা আহৰণ কৰিব পাৰে। এই পৰীক্ষা অনুষ্ঠিত কৰা ৰাজ্যসমূহৰ ৰাজ্যিক ভিত্তিত পৰীক্ষাৰ স্কোৰকাৰ্ড বিভিন্ন শিক্ষানুষ্ঠানেও গ্ৰহণ কৰে আৰু আচাৰ্য্য এন জি ৰংগা এগ্ৰিকালচাৰেল ইউনিভাৰ্ছিটি আৰু বাবা ফৰিড ইনষ্টিটিউট অৱ টেকন’লজীৰ দৰে শিক্ষানুষ্ঠানে ডেইৰী প্ৰযুক্তিৰ প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আবেদনকাৰীয়ে কিছুসংখ্যক শিক্ষানুষ্ঠানে আয়োজন কৰা সমূহীয়া আলোচনা আৰু ব্যক্তিগত সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব লাগে।
অভিযান্ত্ৰিক পাঠ্যক্ৰম প্ৰদান কৰা কলেজসমূহৰ তালিকা