ভাৰতত ১৯০৪ চনত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ সময়ৰেপৰাই ভাৰতীয় সমবায় আন্দোলনে ভাৰতীয় অৰ্থনীতিত বিশেষকৈ কৃষিৰ বিকাশ আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু দুৰ্বলজনক সকাহ দিয়াৰ আৰু সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজহুৱা আৰু ব্যক্তিগত শক্তিক এক কৰা গ্ৰাম্য খণ্ডক উন্নত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই সমবায় খণ্ডক চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত ভাৰসাম্য ৰক্ষাকাৰী কাৰক ৰূপে সেৱা আগবঢ়োৱা তৃতীয় অৰ্থনৈতিক খণ্ড হিচাপে চিহ্নিত কৰিছে। চৰকাৰে আনকি সমবায় খণ্ডক “কো-অপাৰেটিভ কমনৱেলথ” হিচাপে বিবেচনা কৰিছে। এইদৰে ক্ষুদ্ৰ, প্ৰান্তীয় কৃষক আৰু দুৰ্বলজনৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ শক্তিক একলগ কৰা সমবায়সমূহে বিশেষ খণ্ডৰূপে স্বীকৃতি লভি উন্নতিৰ দিশত অগ্ৰসৰ হৈছে। সম্প্ৰতি এয়া বিশ্বৰ সৰ্ববৃহৎ আন্দোলনৰূপে পৰিগণিত।
সমবায় সমাজৰ গুৰি ধৰোতা গৰাকীৰ বয়স ১৮ বছৰৰ অধিক হ’ব লাগিব।
অসীমিত দেনা থকা বা ঋণী সমবায় সমাজ পঞ্জীয়নৰ বাবে বিবেচিত নহয়।
ইয়াৰ লক্ষ্য অৰ্থনৈতিক দিশত উপযুক্ত আৰু কাৰিকৰী আৰু সমূহীয়া ক্ষেত্ৰত সঠিক হ’ব লাগিব আৰু পঞ্জীকৃত সমাবায় সমাজৰ নতুবা সমবায় আন্দোলনৰ ওপৰত ইয়াৰ কোনো বিৰূপ প্ৰভাৱ পৰিব নালাগিব।
প্ৰস্তাৱিত উপ-নিয়মসমূহ কোনো কাৰণতে সমবায় সমাজৰ আইনৰ ধাৰা আৰু সমবায় সমাজৰ লক্ষ্যসমূহৰ পৰা পৰস্পৰ বিৰোধী বা অসংগত হ’ব নোৱাৰে।
পঞ্জীয়ন কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত/মান আবেদনপত্ৰৰ প্ৰ-প্ৰত্ৰত ১৮ বছৰৰ ওপৰ বয়সৰ অতি কমেও দহগৰাকী প্ৰমোটাৰে স্বাক্ষৰ কৰিব লাগিব।
প্ৰমোটাৰৰ যোগাযোগৰ সবিশেষ জনোৱাৰ লগতে প্ৰস্তাৱিত সমবায় সমাজৰ নাম, ঠিকনা আৰু কাৰ্য্য সম্পাদনৰ ক্ষেত্ৰৰ বিষয়ে সবিশেষ জনাব লাগে।
যাৰ দ্বাৰা বা যাৰ হকে এনে আবেদন তৈয়াৰ কৰা হয় তেওঁ প্ৰস্তাৱিত সমবায় সমাজৰ বাবে এনে তথ্যসমূহ প্ৰস্তুত কৰে।
প্ৰস্তাৱিত সমবায় সমাজৰ পঞ্জীয়নৰ বাবে ইয়াৰ অধীকৃত অংশ পুঁজিৰ এক শতাংশ মিলাই পঞ্জীয়ন মাচুল ট্ৰেজাৰি চালান বা কোষাগাৰ চালানৰ জৰিয়তে আবেদনপত্ৰৰ সৈতে জমা দিব লাগে। পঞ্জীয়কে সময়ে সময়ে প্ৰয়োজন অনুসৰি পঞ্জীয়ন মাচুলৰ সালসলনি ঘটাব পাৰে বা সংশোধন কৰিব পাৰে আৰু নিয়ম অনুসৰি ই পঞ্জীয়ন মাচুলৰ ৫০% ৰ অধিক নহয়।
প্ৰস্তাৱিত সমবায় সমাজৰ উপ-নিয়মৰ চাৰিটা প্ৰতিলিপি।
উপ-নিয়মসমূহ গ্ৰহণ কৰা সন্মিলিত আবেদনকাৰী সকলৰ নামৰ তালিকা আৰু ঠিকনাৰে সৈতে দুটি সংকল্পবদ্ধতাৰ প্ৰতিলিপি।
প্ৰস্তাৱিত সমবায় সমাজৰ ব্যৱহাৰ্য্যতা আঁচনি।
আবেদনকাৰীয়ে সাতবিধ সমবায় নীতিক মানি চলিবলৈ অংগীকাৰবদ্ধ হৈ স্বাক্ষৰ কৰা ঘোষণাপত্ৰ।
পঞ্জীয়নৰ সমগ্ৰ প্ৰক্ৰিয়া অনুষ্ঠানিক আবেদনপত্ৰ লাভৰ তাৰিখৰ পৰা এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। আনুষ্ঠানিক আবেদনপত্ৰ লাভৰ তাৰিখৰ পৰা ৬০ দিন পাৰ হোৱাৰ পিছত প্ৰস্তাৱিত সমবায় সমাজ পঞ্জীকৃত হোৱাৰ বাবে বিবেচনা কৰা হয়।
ইয়াত আবেদন কৰিবলৈ ১৮ বছৰৰ উৰ্দ্ধৰ অতি কমেও দহগৰাকী প্ৰমোটাৰে মান আবেদনপত্ৰ (ষ্টেণ্ড্যাৰ্ড এপ্লিকেশ্যন) ত স্বাক্ষৰ কৰি নাম, ঠিকনা আৰু প্ৰস্তাৱিত সমবায় সমাজৰ কাৰ্য্য সম্পাদনৰ ক্ষেত্ৰ স্পষ্টকৈ উল্লেখ কৰি লগতে প্ৰমোটাৰৰ যোগাযোগৰ সবিশেষ জনাই পঞ্জীয়ন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব লাগে।
এয়া অফলাইন সেৱা
পঞ্জীয়নৰ প্ৰমাণপত্ৰৰ বাবে প্ৰ-পত্ৰ