মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা দুগ্ধ উন্নয়ন সঞ্চালকালয়

দুগ্ধ সমবায় সমাজ গঠনৰ নিৰ্দেশনাৱলী

উপ-নিয়ম সমূহৰ গঠন

  • দুগ্ধ সমবায় সমাজৰ সৰ্বনিম্ন সদস্য সংখ্যা ২০ জন হ’ব লাগিব।
  • সঞ্চালক মণ্ডলী: এই আইনৰ অধীনত পঞ্জীয়ন হোৱা প্ৰত্যেক সমবায় সমাজৰ পৰিচালনাৰ বাবে এখন বোৰ্ড থাকিব। ইয়াৰ উপ নিয়ম অনুসৰি সঞ্চালকসকল নিৰ্বাচিত হয়।
  • এয়া পোন্ধৰ জনীয়া সঞ্চালকেৰে গঠিত বোৰ্ড।
  • মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকী সাধাৰণ নিয়মৰ অধীনত পৰিচালিত আৰু বোৰ্ডৰ দ্বাৰা সঞ্চালিত হয়।
  • নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ মাজত পৰিচালিত হোৱা নিয়ম অনুসৰি বোৰ্ডৰ অনুমোদন সাপেক্ষে সমবায় সমাজৰ কৰ্মচাৰী নিয়োগ, পৰিচালনা আৰু অপসাৰণৰ ব্যৱস্থা আছে।

বাৰ্ষিক সাধাৰণ সভা

বাৰ্ষিক সাধাৰণ সভা যাক পঞ্জীকৃত সমবায় সমাজৰ বাৰ্ষিক সাধাৰণ সমাৱেশ বুলিও কোৱা হয় ই প্ৰত্যেক সমবায় বৰ্ষৰ ছমাহৰ মূৰত এবাৰকৈ অনুষ্ঠিত হয় য’ত এটা বিত্তীয় বৰ্ষত অন্ত পৰে। নিয়ম অনুসৰি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈ যোৱাৰ পৰৱৰ্তী ছমাহলৈ সভা অনুষ্ঠিত কৰা নহয়।

সমাজৰ পৰ্যবেক্ষণ

পঞ্জীয়ক নতুবা পঞ্জীয়কৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিয়ে যিকোনো সময়তে সমবায় সমাজসমূহ পৰ্যবেক্ষণ কৰিব পাৰে। পঞ্জীকৃত সমবায়সমূহ পঞ্জীয়ক নতুবা পঞ্জীয়কৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিয়ে লিখিতভাৱে পোৱা নিৰ্দেশ অনুসৰি যিকোনো সময়তে পৰ্যবেক্ষণ কৰিব পাৰে।

অধিক জানিবৰ বাবে কাষৰ লিংকটিত ক্লিক কৰক- অসম সমবায় সমিতি আইন