জিলা দুগ্ধ সংঘৰ উপ-নিয়মসমূহৰ গঠন
- ডিষ্ট্ৰিক্ট মিল্ক প্ৰডিউচাৰ্চ কো-অপাৰেটিভ ইউনিয়ন লিমিটেডৰ উপ-নিয়মসমূহ অসম সমবায় সমিতি আইন ২০০৭ ৰ খণ্ড ৯ ৰ ‘বি’ সূচী অনুসৰি গঠিত হ’ব।
- পঞ্জীকৃত জিলা দুগ্ধ সংঘৰ সৰ্বনিম্ন সদস্য সংখ্যা ২০ গৰাকী হ’ব লাগিব।
- খণ্ড ৩৫ ৰ অধীনত- এই আইনৰ অধীনত প্ৰত্যেক পঞ্জীকৃত জিলা দুগ্ধ সংঘ পৰিচালনাৰ বাবে এখন বোৰ্ড বা সমিতি থাকিব। ইয়াৰ নিয়ম অনুসৰি ইয়াৰ সঞ্চালকসকল নিৰ্বাচিত হয়। এই আইন অনুসৰিয়েই প্ৰত্যেক জিলা দুগ্ধ সংঘৰ নীতি গঠিত হয়।
- এই আইনৰ অধীনত কোনো সমবায় সমাজ নতুবা জিলা দুগ্ধ সংঘ নতুনকৈ পঞ্জীয়ন হ’লে সেই সমবায় সমাজ নতুবা জিলা দুগ্ধ সংঘৰ পঞ্জীয়নৰ বাবে আবেদনপত্ৰত চহী কৰা ব্যক্তিসকলে পঞ্জীয়ন হোৱা তাৰিখৰ পৰা সমবায় সমাজ/ জিলা দুগ্ধ সংঘৰ কাম কাজত নিৰ্দেশনা প্ৰদানৰ বাবে এবছৰতকৈ কম সময়ৰ বাবে এখন প্ৰমোটাৰ বোৰ্ড (Promoter Board) নিয়োগ কৰিব পাৰে। আইনৰ নিয়ম অনুসৰি নিয়মিত বোৰ্ড গঠিত হ’লে প্ৰমোটাৰ বোৰ্ডে ইয়াতে ইয়াৰ কৰ্তব্য সমাপ্ত কৰে।
- বোৰ্ড অৱ ডাইৰেক্টৰ্ছ (BOD) পোন্ধৰ গৰাকী সঞ্চালকেৰে গঠিত।
অধিক জানিবৰ বাবে, কাষৰ লিংকটি চাওক : ক্লিক কৰক।