মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা দুগ্ধ উন্নয়ন সঞ্চালকালয়

পৰিকল্পনা আৰু আঁচনিসমূহ

ৰাজ্যৰ প্ৰাথমিক উন্নয়ন : ৰাজ্য চৰকাৰৰ অধীনত

লক্ষ্যসমূহ:

অসমত দুগ্ধ উৎপাদনৰ সৈতে জড়িত বহু ক্ষুদ্ৰ উদ্যোগী আছে যিয়ে নগৰাঞ্চলত বৃদ্ধি পাই অহা কেন্দ্ৰসমূহত বৰ্ধিত গাখীৰ আৰু গাখীৰৰপৰা উৎপাদিত খাদ্যৰ চাহিদা পূৰণৰ ক্ষেত্ৰ এখন লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। শস্য উপযোগী পৰিৱেশ হোৱা হেতুকে ইয়াত দুগ্ধ উৎপাদনৰ সম্ভাৱনা প্ৰকট। পশুপালন আৰু পশুচিকিৎসা বিভাগে ৰাজ্যৰ দুগ্ধ উৎপাদকসকলে পালন কৰা জীৱ-জন্তুৰ বাবে কৃত্ৰিম প্ৰজনন পশুস্বাস্থ্যৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অৱশ্যে এতিয়াও ইয়াৰ সৈতে জড়িত ব্যক্তি নতুবা ব্যক্তিসমষ্টি উৎপাদন আৰু ব্যৱসায়ীক ক্ষেত্ৰখনত অধিক উন্নত হোৱাৰ প্ৰয়োজনীয়তা আছে।

ইয়াৰ প্ৰধান লক্ষ্য হৈছে যোগানৰ দিশত ক্ষুদ্ৰ উদ্যোগীসকলক যোগানৰ বিপৰীতে অধিক লাভৱাম্বিত কৰি উৎপাদনৰ দিশত উৎসাহিত কৰি তোলা আৰু এনেকৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ সঠিক ৰূপ প্ৰদান কৰা। ফাৰ্ম পৰ্যায়ৰ গাখীৰ য’ত স্বাস্থ্যসন্মত আৰু সুৰক্ষিত গাখীৰ উৎপাদনৰ বাবে উৎসাহ প্ৰদান কৰি উপভোক্তা পৰ্যায়লৈ ইয়াৰ উত্তৰণ ঘটোৱাৰ প্ৰয়াস কৰা হয়। ইয়াৰ মূল্য সংযোজন আৰু অন্যান্য ফলপ্ৰসূ কাৰ্য্যসমূহ সম্পাদন কৰাৰ দিশত সন্মিলিত উৎপাদকসকলে তেওঁলোকৰ কাৰ্য্যসমূহ নিয়াৰিকৈ সম্পাদন কৰিব পাৰে। ইয়াৰ প্ৰধান লক্ষ্য হৈছে দুগ্ধ উৎপাদকসকলৰ সমবায় সমিতি গঠন কৰি বা তাত তেওঁলোকক নিয়োজিত কৰি তেওঁলোকৰ জীৱনযাত্ৰাৰ উন্নতি সাধন কৰি সকলো দিশৰ পৰা সহযোগিতা আগবঢ়াই তেওঁলোকক অধিক প্ৰতিযোগীতামূলক মনোভাৱসম্পন্ন কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ উৎপাদনৰ বাবে সঠিক বেতন আগবঢ়োৱা। ই বৰ্তমানে বৰ্তি থকা পৰম্পৰাগত গাখীৰৰ বজাৰসমূহৰো বিকাশ সাধনৰ প্ৰচেষ্টা হাতত লয়।

দুগ্ধ সমবায় সমাজ সংগঠন

দুগ্ধ সমবায় সমাজলৈ সাহায্য

  1. প্ৰশাসনীয় অনুমোদন
  2. নিৰ্দেশনাৱলী
  3. ২০১৭-২০১৮ বৰ্ষৰ বাবে লক্ষ্য কৰি লোৱা দুগ্ধ সমবায় সমাজ

SCSP আৰু TSP ৰ অধীনৰ দুগ্ধ গ্ৰাম্য আঁচনি

এয়া সাতগৰাকী অনুসূচীত জাতিৰ বৰ্ণসংকৰ জাতৰ পশু পালন কৰা অভিজ্ঞ পশুপালকৰ দ্বাৰা গঠিত এশ শতাংশ সাহায্য অনুদান আঁচনি (100% grants-in-aid) ৰ এটি সন্মিলিত গোট।

দুগ্ধ গ্ৰাম্য আঁচনিৰ নিৰ্দেশনাৱলী (ক্লিক কৰক )

কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত আচঁনিসমূহ

দুগ্ধ উন্নয়নৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম

Department of Animal Husbandry, Dairying & Fisheries (দুগ্ধ খণ্ড) Viz. National Project for Cattle and Buffalo Breeding, Intensive Dairy Development Program (NPCBB), Strengthening Infrastructure for Quality & Clean Milk Production (SIQ&CMP) আৰু Assistance to Cooperatives (A-C) এই চাৰিটা অগ্ৰগামী আঁচনি লৈ ২০১৪ ৰ ফেব্ৰুৱাৰীত আৰম্ভ হয় The National Program for Bovine Breeding and Dairy Development (NPBBD)

দুগ্ধ উৎপাদন আৰু ইয়াৰ সৈতে জড়িত কাৰ্য্যসমূহ বিজ্ঞানসম্নত উপায়েৰে একত্ৰিকৰণৰ উদ্দেশ্য আগত লৈ গাখীৰৰ উন্নত উৎপাদনৰ জড়িয়তে দেশত বৰ্ধিত গাখীৰৰ চাহিদা পূৰণৰ লক্ষ্য লৈ এই কাৰ্য্যসূচী হাতত লোৱা হৈছে।

দ্বাদশ পৰিকল্পনা কালত এই আঁচনিৰ সংসাধনৰ বাবে ১২০০ কোটি টকা আৱণ্টন দিয়া হয়।

  • NPBB ৰ সবিশেষ আৰু এই আঁচনি। ( ক্লিক কৰক )
  • প্ৰশাসনীয় অনুমোদন
  • NPDD ৰ ত্ৰিমাৰ্ষিক অগ্ৰগতিৰ প্ৰতিবেদন ( ক্লিক কৰক )

প্ৰধান কাৰ্যসূচী

ৰাষ্ট্ৰীৰ কৃষি বিকাশ যোজনা

২০১৭-১৮ বৰ্ষৰ লক্ষ্য-

বেংকৰ আঁচনি

  1. দুগ্ধ উদ্যোগী উন্নয়ন আঁচনি
  2. গো-পালন
  3. দুগ্ধ উৎপাদন
  4. দুগ্ধ প্ৰক্ৰিয়াকৰণ
  5. মূল্য সংযোজন
  6. দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰ